Office of Jagadish Bhuyan (@OfficeOfJB) header
Office of Jagadish Bhuyan (@OfficeOfJB) profile picture

Office of the General Secretary, @jatiyaparishad. Former Minister, Govt. of Assam. RTs & likes are neither my views nor endorsements.

Assam, India
Joined March 2023
॥তেজে ধোৱা বুৰঞ্জীৰ ৩০ বছৰীয়া দস্তাবেজৰ শেষ পৃষ্ঠা ॥ ভাৰতীয় সেনাই ভুৱা এনকাউণ্টাৰৰ দ্বাৰা নৃশংসভাৱে হত্যা কৰা ডাঙৰীৰ ৫ জন যুৱকৰ পৰিয়ালে কালি পালে ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ কালি নিশা মোৰ এখন যুঁজ সমাপ্ত হ’ল । এইখন যুঁজত আমি চাগে' আংশিকভাৱে জয়ী হলো, কাৰণ ভাৰত চৰকাৰে ক্ষতিপূৰণ দি যুৱককেইজন নিৰ্দোষী বুলি স্বীকাৰ কৰিলে ৷ সেইটো আমাৰ জয় ৷ কিন্তু হত্যাকাৰী সেনা বিষয়া কেইজনক শাস্তিৰ পৰা ৰেহাই দিলে, সেইবাবেই মই এই যুজঁৰ ফলাফলক আংশিক সফলতা বুলি কৈছো। যি কি নহওক, অৱশেষত সুদীৰ্ঘ ৩০ বছৰৰ পিছত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে মই কৰি থকা দীঘলীয়া যুঁজখনৰ শেষ পৃষ্ঠাৰ সমাপ্তি হ’ল ৷ আদালতৰ নিৰ্দেশ অনুসৰি দুৰ্ভগীয়া পৰিয়ালকেইটাৰ একাউন্টত কালি ৩১ জুলাই তাৰিখে ২০ লাখকৈ টকা জমা হ'ল ৷ মই বা আমি সফল হ’লো নে বিফল হ’লো নাজানো; কিন্তু আংশিক ন্যায় পালো। নিজৰ কোনো স্বাৰ্থ নোহোৱাকৈ কাৰোবাৰ বাবে দীঘলীয়া সময় যুঁজি থকাৰ অন্তত যেতিয়া যুঁজ খনৰ এটা সন্তোষজনক সমাপ্তি হয়, হৃদয়ত অনাবিল আনন্দ পোৱা যায়। ৩০ বছৰ পূৰ্বে ৫ জন নিৰীহ যুৱকক সেনা বাহিনীয়ে ঘৰৰ পৰা উঠাই নি সেনা শিবিৰত নৃশংস নিৰ্যাতন চলাইছিল। যুৱককেইজনৰ বাবে মই মহামান্য উচ্চ ন্যায়ালয়ত বন্দী প্ৰতক্ষীকৰণৰ আবেদন কৰিছিলো ৷ মহামান্য উচ্চ ন্যায়ালয়ে যুৱক কেইজনক নিকটৱৰ্তী দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিবলৈ সেনাক নিৰ্দেশ দিলে ৷ কিন্তু ইতিমধ্যেই যুৱককেইজনক নৃশংস ভাৱে নিৰ্যাতন চলোৱা হৈছিল ৷ সেই নিৰ্যাতন ইমান ভয়ঙ্কৰ আছিল যে কোনোবাজনৰ যদি চকু ফুটাই দিয়া হৈছিল , কোনোবাজনৰ আঁঠুৰ ঘিলা ভাঙি দিয়া হৈছিল ৷ আন কোনোবাজনৰ জিভা কাটি দিছিল ৷ গতিকে যুৱক কেউজনক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিব পৰা অৱস্থাত নাছিল বাবেই সেই ৫ জন যুৱকক ডিব্ৰু-ছৈখোৱা ৰাষ্চ্ৰীয় উদ্যানৰ মাজলৈ নি গুলিয়াই হত্যা কৰি উগ্ৰপন্থীৰ লগত এনকাউণ্টাৰ বুলি সেনাই ঘোষণা কৰিলে। সেয়া এক হৃদয়বিদাৰক ঘটনা। মই পুনৰ আদালতত লেখ আবেদন দাখিল কৰিলো ৷ তাৰ পিছত দীঘলীয়া পৰিক্ৰমা ৷ CBI তদন্ত, উচ্চতম ন্যায়ালয়,সেনাৰ ক'ৰ্ট মাৰ্শ্বেল ৷ তাৰ পিছত সূদীৰ্ঘ ২৯ বছৰৰ পিছত ন্যায়ালয়ে দিলে ক্ষতিপূৰণৰ নিৰ্দেশ আৰু ৩০ বছৰৰ পিছত কালি পৰিয়াল সমূহে পালে ২০ লাখ টকাকৈ ক্ষতিপূৰণ। মোৰ ৩০ বছৰীয়া দস্তাবেজৰ কালি নিশা শেষ পৃষ্ঠাৰ সমাপ্তি হ’ল । এই যুঁজখনৰ ফলাফলত নি:স্ব আৰু অখ্যাত কেইজনমান সাধাৰণ ভাবে জীৱন নিৰ্বাহ কৰা চকীদাৰ, নাৱৰীয়া আদিৰ দৰে সাহসী ব্যক্তিৰ অপৰিসীম ত্যাগ জড়িত আছে আৰু নৈতিকভাৱে দায়িত্ব ল’ব লগা বহু ডাঙৰ আৰু বিখ্যাত নেতা এই যুঁজ খনৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিল ৷ এই ৩০ বছৰত দায়িত্ব লব লগা সকলে মোক কেতিয়াও এবাৰো নুসুধিলে যে যুঁজখন কি পৰ্যায়ত আছে ! আদালতৰ ৰায়দানৰ পিছতো সেই সকলে মোক ফোন এটা কৰিও খবৰ ল’বলৈ বোধহয় আহৰি নাপালে। যি কি নহওক, যিকোনো সামাজিক ন্যায়ৰ যুঁজত সাধাৰণ লোকসকলেই সকলো ত্যাগ স্বীকাৰ কৰে আৰু নিৰাপদ দূৰত্বত থকা সকলে সকলো সুফল ভোগ কৰে। এই ৩০ বছৰীয়া যুঁজ খনত কি পালো বা কি হেৰুৱালো সেয়া বিচাৰৰ ভাৰ সময়ৰ হাতত দিলো ৷ কিন্তু এটা সফলতা নিশ্চিত ভাৱে হৈছে সেয়া হ’ল, ভবিষ্যতলৈ কোনো নিৰীহ ব্যক্তিক যদি ক্ষমতাৰ অপব্যৱহাৰ কৰি অন্যায় ভাৱে আৰক্ষী বা নিৰাপত্তা বাহিনীয়ে হত্যা কৰে, ইতিহাসৰ পুনৰাবৃত্তি হ’ব, আৰু কোনোবা জগদীশ ভূঞাই ৩০ বছৰ যুঁজি হ'লেও দোষীক শাস্তি দিবলৈ সক্ষম হ’ব । এয়াই আমাৰ দেশৰ গণতন্ত্ৰৰ মাদকতা ৷ পলম হ'লেও যুঁজি থাকিলে এদিন ন্যায় পোৱা যায়। এই যুঁজখনত মোক সহায় কৰা প্ৰতিজনকে হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছো ৷ যদিও সেই সকলৰ সৰহসংখ্যকৰেই মোৰ এই প'ষ্ট চাব পৰা ফোন নাই গতিকে সেইসকলে নাজানিব মই যে কৃতজ্ঞতা জনাইছো সেইবাবেই মই সেই সকলৰ ঘৰলৈ গৈ এদিন কৃতজ্ঞতা জনাম। আনন্দ আৰু বেদনা সংমিশ্রিত হৃদয়ৰে ৩০ বছৰীয়া তেজেধোৱা বুৰঞ্জীৰ পৃষ্ঠাবোৰ আজৰি সময়ত মনত পেলাম। মোৰ জীৱন যাত্ৰাৰ সফলতা আৰু বিফলতাৰ ওখোৰা মোখোৰা পথত এই পৃষ্ঠা সমূহ সদায় সংপৃক্ত হৈ ৰ’ব। পৰিশেষত,এই যুঁজৰ অন্যতম সেনাপতি সকল অধিবক্তা সৰ্বশ্রী অনিল কুমাৰ ভট্টাচাৰ্য, প্ৰনাৱনন্দ পাঠক, কমলনয়ন চৌধুৰী আৰু পৰী বৰ্মন বাইদেউ,মৰোনোত্তৰ পৰীক্ষা কৰা ডা০মহন্ত, সেই সময়ৰ অতিৰিক্ত উপায়ুক্ত পি কে গোস্বামী,সেই সময়ৰ ডুমডমাৰ ৰাজহ চক্ৰ বিষয়া নিৰঞ্জন বৰুৱা, তালাপ আৰক্ষী চকীৰ সেইসময়ৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক গোস্বামী,এই সকলোকে আজি মই হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছো। আৰু এজনক কৃতজ্ঞতা নজনালে মোক পাপে চুব, সেইজন হ’ল সেই সময়ৰ তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক প্ৰয়াত আৰ কে সিং আৰু কৃতজ্ঞতা জনাইছো ক'ৰ্ট মাৰ্শ্বেলৰ সময়ত অভিযোগকাৰীৰ পক্ষত ঠিয় দিয়া অধিবক্তা মেজৰ কৰণ সিং । তালাপৰ সংবাদকৰ্মী নিৰ্মল বৰা আৰু ছাত্ৰ কৰ্মী পুহেশ্বৰ সোনোৱালে এই দিঘলীয়া সময়ত মোৰ পৰা মোকৰ্দমাৰ বিষয়ে প্ৰায়েই খবৰ কৰিছিল, তেওঁলোক দুজনকো ধন্যবাদ জনালো।
27
43
13
255
15,088
শৰৎৰ জোনাক নিশা … জোনবাইক সমুখত লৈ বৰাকৰ পৰা গুৱাহাটীলৈ আমাৰ উভতনি যাত্ৰা —-
1
1
9
143
Unable to counter Chinese aggression in Arunachal Pradesh, the Modi government deploys armed forces against our own Gen Z there! Is this governance or a circus? What a joke! #ArunachalPradesh #GenZ #Accountability #Democracy
3
137
অস্তমিত সূৰুযৰ দিশে মোৰ যাত্ৰা —— পুনৰ আত্মপ্ৰকাশৰ প্ৰতিশ্ৰুতিৰে বিদায় লোৱা অস্তগামী সূৰুযক মই অতি ভাল পাওঁ। কাৰণ, সূৰুযে বিদায় লোৱাৰ সময়ত আমাক সদায় দি যায় পুনৰ উভতি অহাৰ আৰু এটা নতুন প্ৰভাতৰ নিশ্চিত প্ৰতিশ্ৰুতি.....।
2
97
Arresting leaders cannot silence the people’s demand for accountability. I strongly condemn the arrest of CJP leaders Ashutosh Ranka and Saurav Das and demand their release. Citizens must be able to question those in power and exercise their constitutional right to peaceful dissent without fear. I stand in solidarity with Ashutosh, Saurav and all those defending democratic rights. The supremacy of the people and the Constitution must prevail. @AbhijitDipkeCJP @AshutoshRanka @SauravDassss @Cockroachisback @DelhiPolice @AmitShah @HMOIndia @narendramodi @PMOIndia #CJP #RightToDissent
1
5
180
Paid seat selections ignored twice by @airindia ! On 5 Oct, my paid aisle seat 8C on AI2441 Delhi–Mumbai was changed to middle seat 9E without informing me. That complaint remains unresolved. Now, for tomorrow’s AI2430 Mumbai–Delhi (10 Oct), my booked Premium Economy aisle seat 6C has been changed to 20C, apparently in Economy, again without notice! As a Maharaja Club member, I find this repeated disregard for paid bookings unacceptable. Why charge passengers for a preferred seat if the selection is then ignored? Restore my booked cabin and aisle seat before departure, explain these changes and refund charges for services not provided. @DGCAIndia @MoCA_GoI @RamMNK #AirIndia #PassengerRights
2
2
3
1,022
One of my most beloved actors Nana Patekar is no more! I never met him, nor did I know him personally, yet I loved and admired him. He was Nana Patekar, a truly exceptional personality. He was a rebellious spirit whose actions and philosophy in real life reflected the words he spoke on screen. His on-screen persona and his real-life self were one and the same, the same man, the same convictions, whether in cinema or in reality! I have always respected people who live by their ideals without compromising them. I pay my heartfelt tribute to Nana Patekar with profound respect.
1
7
332
নগাঁও লোকসভাৰ উপনিৰ্বাচন হৈ গ’ল। কোনোবা জিকিব, কোনোবা হাৰিব; কিন্তু এই নিৰ্বাচনে বহুতৰ ৰং সলনি কৰি দিলে! * হিন্দু ধৰ্ম বিপদত পৰা বুলি কৈ কৈ যোৱা ১৪ বছৰে ভোট বিচৰা সকলে এইবাৰ হিন্দু ধৰ্ম বিপদত বুলি এবাৰো কোৱা নুশুনিলোঁ! * জয় শ্ৰী ৰাম ধ্বনিক মূল আধাৰ হিচাপে লৈ ৰাজনীতি কৰা সকলে এইবাৰ জয় শ্ৰী ৰামৰ সলনি কথাই কথাই ইনশ্বাআল্লাহ কোৱাহে শুনিলোঁ! * মুছলমানক উচ্ছেদ কৰি কষ্ট দিয়াটোৱেই মূল লক্ষ্য বুলি কোৱা সকলে মুছলমানৰ চৰে চৰে গৈ মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া দেখিলোঁ! * মুছলমানৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিম বুলি গৌৰৱেৰে ঘোষণা কৰি কথাই কথাই মুছলমানক অপমান কৰি ভালপোৱা সকলে হিন্দু-মুছলমান একেই বুলি ঘোষণা কৰাও শুনিলোঁ! * মুছলমান সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে তুচ্ছ-তাচ্ছিল্য কৰা সকলে কবিতা লিখা মুছলমানক মঞ্চলৈ আদৰি নি আকোৱালি লৈ কবিতা শুনাও দেখিলোঁ…. ৰাজনীতিত বহুতৰে ৰং সলনি হোৱা দেখিছোঁ, কিন্তু “জয় শ্ৰী ৰাম”ৰ পৰা তাৎক্ষণিকভাৱে “ইনশ্বাআল্লাহ”লৈ হোৱা পৰিৱৰ্তন প্ৰথম দেখিলোঁ! আহিবলগা দিনসমূহত আৰু কি কি পৰিৱৰ্তন হয়, দেখা যাওক!
4
7
38
1,531
অসমৰ মুখ্যমন্ত্ৰীয়ে ভোট চোৰৰ মহানায়ক জ্ঞানেশ কুমাৰক ভাৰতৰত্ন দিব লাগে বুলি কোৱা কথাষাৰৰ সৈতে যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ গভীৰ সম্পৰ্ক আছে… !
1
2
13
328
জ্ঞানেশ কুমাৰে কেৰালাৰ প্ৰাক্তন মুখ্য সচিব এজনক বিজেপিৰ প্ৰাৰ্থিত্ব লৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ দিছিল! এইজন দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত নে বিজেপিৰ মুখ্য মুখপাত্ৰ? এইজন জ্ঞানেশ কুমাৰৰ হাতত দেশৰ গণতন্ত্ৰ সুৰক্ষিত নে?
5
151
Police have obstructed a meeting organised by CJP in Guwahati today, with several youths detained and the proposed venue surrounded by police. Are the authorities so afraid of even a peaceful, democratic gathering? #cjp #SaveDemocracy #Assam #Guwahati #RightToAssembly
3
97
When two Election Commissioners raise objections on record, the country deserves answers. According to an investigation by The Indian Express, Election Commissioners Sukhbir Singh Sandhu and Vivek Joshi raised objections on record at least 14 times over 10 months on issues involving voter registration, additions and deletions from electoral rolls, access to voter databases, and decisions reportedly taken without their knowledge. The report raises important questions about transparency and decision-making within an institution entrusted with conducting free and fair elections. The Election Commission should publicly clarify how these objections were addressed and what safeguards are in place to ensure that no eligible citizen is wrongly excluded from the electoral roll. ECI officials have reportedly maintained that decisions relating to the SIR were taken unanimously. That makes a clear, detailed public explanation of the concerns raised and how they were resolved all the more important. The right to vote belongs to the people. Protecting that right and public confidence in the electoral process requires transparency and accountability.
2
3
143
আমি সকলো এদিন অতীত হৈ যাম; কিন্তু জুবিন, তুমি অসমৰ মাটিত, প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত সদায় বৰ্তমান হৈ থাকিবা….. তুমি সৃষ্টি কৰি থৈ যোৱা “জুবিন যুগ” সদায়েই জীৱন্ত হৈ থাকিব ॥ তুমি সদায় কুশলে থাকা … তাকেই কামনা কৰিলো।
1
70
আমি আনন্দ কেতিয়া কৰিম আৰু বেদনা কেতিয়া পাহৰিম, সেইটোও চৰকাৰে নিৰ্ধাৰণ কৰিব নেকি?
2
22
400
हर समय ख़तरों से घिरा हुआ हूं! – at Lucknow, India
22
241
10
647
37,957
অসমত এবছৰত বৃহৎ ফ্লাইঅ’ভাৰ নিৰ্মাণ হয়, কিন্তু এবছৰেও অসমৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গৰ শয়নস্থলী ‘জুবিন ক্ষেত্ৰ’ত দৰ্শনাৰ্থীৰ বাবে ন্যূনতম সুবিধাখিনিও সম্পূৰ্ণ হৈ নুঠিল।এয়া অদক্ষতা নে অৱহেলা…?
1
9
146
Office of Jagadish Bhuyan retweeted
In the cockpit.. During the shoot of Operation Safed Sagar. #OperationSafedSagar – at Dharapur, India
29
26
2
560
7,321
সুৰৰ পৰা সংকল্পলৈ”—আমি পালন কৰা জুবিন সপ্তাহৰ আজি তৃতীয় দিন। আজিৰ দিনটো আমি “কিতাপৰ দিন” হিচাপে পালন কৰিম। আমাৰ সংকল্প— “প্ৰতিঘৰত গ্ৰন্থকোষ, প্ৰতি হৃদয়ত জুবিন।” “কিতাপ পঢ়ক আৰু কিতাপ পঢ়িবলৈ উৎসাহ দিয়ক”—এই চিন্তা-চেতনাৰে আমি অসমৰ প্ৰতিঘৰৰ মানুহৰ মাজলৈ এই বাৰ্তা লৈ যাব বিচাৰিছোঁ। সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ।
3
82
“সুৰৰ পৰা সংকল্পলৈ” নামেৰে আমি কালিৰে পৰা পালন কৰা জুবিন সপ্তাহৰ আজি দ্বিতীয় দিন। আজিৰ দিনটো “মানৱতাৰ দিন” হিচাপে পালন কৰি আমি সমগ্ৰ অসমতে ৰক্তদান কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি অসমৰ প্ৰতিখন জিলা সদৰত আমাৰ দলৰ জাতীয় সেৱকসকলে ৰক্তদান কৰি আছে। গুৱাহাটীৰ নাৰেংগীৰ পাথৰকুঁৱৰী ৰাজহুৱা খেলপথাৰত আমাৰ ৰক্তদান শিবিৰ চলি আছে। এয়া গুৱাহাটীৰ ৰক্তদান শিবিৰৰ কিয়দংশ— 👇
6
151